সমললৈ যাওক

কমলা ভট্টাচাৰ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কমলা ভট্টাচাৰ্য

স্কুল ইউনিফৰ্মত কমলা ভট্টাচাৰ্য
জন্ম ১৯৪৫
চিলেট(শ্ৰীহট্ট), অসম, ব্ৰিটিছ ভাৰত
মৃত্যু ১৯ মে, ১৯৬১ (১৬ বছৰ)
শিলচৰ, অসম, ভাৰত
মৃত্যুৰ কাৰণ পুলিচৰ গুলিত নিহত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
বংশদ্ভূত বাঙালী হিন্দু
পেচা ছাত্ৰী
জনা যায় প্ৰথম আৰু কনিষ্ঠতম নাৰী ভাষা ছহিদ
ধৰ্ম হিন্দু ধৰ্ম

কমলা ভট্টাচাৰ্য এজনী ভাৰতীয় ছাত্ৰী। তেওঁ অসমৰ বৰাক উপত্যকাৰ বঙালী ভাষাৰ আন্দোলনত ১৯৬১ চনত শিলচৰত ছহিদ হয়।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

কমলাৰ জন্ম ১৯৪৫ চনত চিলেটত হৈছিল। ৰামৰমণ ভট্টাচাৰ্য আৰু সুপ্ৰবাসিনী দেৱীৰ সাত সন্তানৰ ভিতৰত কমলা পঞ্চম সন্তান। কমলাৰ তিনিজন ভাই আৰু চাৰিজনী ভনী আছিল। চাৰিভনীৰ ভিতৰত তেওঁ তৃতীয়। শৈশৱতে তেওঁৰ পিতৃবিয়োগ হয়। পিতৃবিয়োগৰ পিছত আৰ্থিক অনাটনৰ মাজত কমলাৰ পৰিয়ালে দিন কটায়। ১৯৪৭ চনত দেশ বিভাজনৰ সময়ত এক বিতৰ্কিত গণভোটৰ মাধ্যমত অসমৰ চিলেট(শ্ৰীহট্ট) জিলা পাকিস্তানৰ অন্তৰ্ভুক্ত হয়। কমলাহঁতে পাকিস্তানতে থাকি যায়। কিন্তু ১৯৫০ চনত পূৱ পাকিস্তানত হিন্দুসকলৰ গণহত্যা আৰম্ভ হোৱাত কমলাৰ পৰিয়াল শৰণাৰ্থী হিচাপে অসমলৈ আহিবলৈ বাধ্য হয়। তেওঁলোকে চিলেটৰ পাৰ্শ্বৱৰ্তী অসমৰ কাছাৰ জিলাৰ শিলচৰত আশ্ৰয় লয়।[1] শিলচৰত কমলাহঁতে শিলচৰ পাব্লিক স্কুল ৰ’ডৰ এটি ভাড়াঘৰত থাকিছিল। কমলাৰ ডাঙৰ বায়েক বেণু নাৰ্চৰ চাকৰি পাই প্ৰশিক্ষণ ল’বলৈ শিমলুগুড়িলৈ গুচি যায়। কমলাৰ মাজু বায়েক প্ৰতিভা শিক্ষয়িত্ৰী আছিল। কমলাৰ পৰিয়াল তেওঁৰ মাজু বায়েকৰ আয়ৰ ওপৰত অৰ্থনৈতিকভাবে নিৰ্ভৰশীল আছিল। শৈশৱত কমলা শিলচৰৰ ছোটেলাল শেঠ ইন্‌ষ্টিটিউটত ভৰ্তি হয়।[2] কিন্তু স্কুলৰ পাঠ্য পুথি কিনাৰ ক্ষমতা কমলাৰ নাছিল। কমলাই এবাৰ ডাঙৰ বায়েক বেণুক এখন অভিধান কিনি দিবলৈ কোৱাত তেওঁ কিনি দিব নোৱাৰিলে। কমলাই তেওঁৰ সহপাঠীসকলৰ পৰা পাঠ্যপুথি ধাৰ কৰি তাৰ বিষয়বস্তু বহীত টুকি লৈছিল। ১৯৬১ চনত কমলাই মেট্ৰিক পৰীক্ষা দিয়ে। তেওঁৰ ইচ্ছা আছিল পাৰিবাৰিক আৰ্থিক অনাটন সত্ত্বেও স্নাতকোত্তৰ পৰ্যন্ত পঢ়িব। মেট্ৰিকৰ পিছত তেওঁ টাইপৰাইটিং শিকিবলৈ মনস্থ কৰিছিল।[1]

মৃত্যুবৰণ

[সম্পাদনা কৰক]

মেট্ৰিক পৰীক্ষা শেষ হোৱাৰ ঠিক পিছ দিনা শিলচৰ ৰে'ল ষ্টেচনত মাতৃভাষাত প্ৰাথমিক শিক্ষাৰ দাবীত এক পিকেটিঙৰ আহ্বান হয়। সেইদিনা ৰাতিপুৱা, অৰ্থাৎ ১৯ মে’ৰ পুৱা কমলাও পিকেটিঙত যাবলৈ প্ৰস্তুত হয়। মাজু বায়েকে পিকেটিঙলৈ যাবলৈ মানা কৰিলেও কমলায়ে নুশুনিলে। সেই সময়ত ২০-২২ জনীয়া এক ছোৱালীৰ দল কমলাহঁতৰ ঘৰলৈ কমলাক লৈ যাবলৈ আহে। কমলাৰ মাকে উদ্বেগ প্ৰকাশ কৰাত তেওঁলোকে মাকক বুজাই দিলে। কন্দুৱা গেছৰ পৰা বাচিবলৈ কমলাৰ মাকে কমলাক এক টুকুৰা কাপোৰ দিয়ে। কমলাৰ লগত কমলাৰ সৰু ভনী মংগলা, সৰু ভাই বকুল, আৰু ডাঙৰ বায়েকৰ পুতেক বাপ্পা পিকেটিঙত যোগ দিবলৈ ওলাল। দুপৰীয়া কমলাৰ মাকে দুশ্চিন্তা কৰি নিজেই গৈ ষ্টেচনত উপস্থিত হ'ল। বকুল আৰু বাপ্পাক এবাৰ পুলিচে ধৰি এৰি দিয়ে। মাকক দেখি কমলা, মাকৰ ধূলিধূসৰিত ভৰি ধুই দিয়ে, চৰবত খাবলৈ দিয়ে। মাকৰ সমস্ত দুশ্চিন্তা নিবাৰণ কৰি মাকক ঘৰলৈ পঠিয়াই দিয়ে।[উদ্ধৃতিৰ প্ৰয়োজন]

সেইদিনা পুৱা ৰে'ল অৱৰোধ কাৰ্যসূচী শান্তিপূৰ্ণভাবে সমাধা হয়। যদিও অৱস্থানৰ সময়সূচী পুৱা ৬টা পৰা সন্ধ্যা ৬টালৈ আছিল, কিন্তু শেষ ৰে'ল পিছবেলা ৪টাত আছিল, তাৰ পিছত গণ অৱস্থান শিথিল কৰি দিয়া কথা আছিল। কিন্তু দুপৰীয়াৰ পৰাই অসম ৰাইফল্‌চৰ জোৱান সকলে ঠাইখন ঘেৰাও কৰে। ২-৩৫ বজাৰ পৰা তেওঁলোকে বিনা প্ৰৰোচনাতে অৱস্থানকাৰী ছাত্ৰ-ছাত্ৰীসকলক নিৰ্মমভাবে লাঠি চাৰ্জ কৰে। লাঠি চাৰ্জত অৱস্থানকাৰী জনতা ছত্ৰভঙ্গ হয় আৰু যেনিয়ে তেনিয়ে পলাবলৈ ধৰে। কমলাৰ সৰু ভনী মংগলা পুলিচৰ লাঠিৰ কোৱত মাটিত পৰি যায় আৰু সাহায্যৰ বাবে কমলাক মাতে। ইতিমধ্যে অসম ৰাইফল্‌চৰ জোৱান সকলে পলায়নৰত জনতাৰ ওপৰত গুলিয়াবলৈ আৰম্ভ কৰে। মংগলাক বচাবলৈ গৈ এটি গুলি কমলাৰ চকু ভেদ কৰি মূৰত সোমাই যায়। অন্যান্য আহত আৰু গুলিবিদ্ধ অৱস্থানকাৰীসকলৰ লগত কমলাকো হস্পিটাললৈ লৈ যোৱা হ’ল। তাতেই তেওঁৰ মৃত্যু হয়। মংগলাক সংজ্ঞাহীন অৱস্থাত হস্পিটালত ভৰ্তি কৰা হয়। এমাহ পিছত তাইৰ জ্ঞান আহিলেও বাকী জীৱন তাই শাৰীৰিক আৰু মানসিকভাবে পঙ্গু হয়।[উদ্ধৃতিৰ প্ৰয়োজন]

শিলচৰৰ ভাষা ছহিদ ষ্টেচন
স্মাৰকশিলচৰ ৰে'ল ষ্টেচনৰ ভাষা ছহিদ স্মাৰক

২০১১ চনত, ভাষা আন্দোলনৰ ৫০ বছৰ পূৰ্তিৰ উপলক্ষে ছহীদ কমলা ভট্টাচাৰ্যৰ মূৰ্ত্তি স্থাপন কমিটিৰ পক্ষৰ পৰা গোপা দত্ত আইচ ছোটেলাল শেঠ ইন্‌ষ্টিটিউটৰ প্ৰাংগণত কমলাৰ এটি ব্ৰঞ্জৰ আবক্ষ মূৰ্ত্তি উন্মোচন কৰা হয়।[3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]